বাঁহৰ চুঙাত দিয়া গাহৰিৰ মাংস

অপূৰ্ব দাস

উপকৰণ : ২৫০ গ্ৰাম ছাল আৰু হাড় নথকা গাহৰিৰ মাংস (গাহৰি মাসৰ সলনি হাড় নথকা কুকুৰাৰ মাংসও ল’ব পাৰে) , ১ টা নহৰু বতা, এটুকুৰা আদা বতা, নিমখ সোৱাদ অনুসৰি, গৰম মচলা বা মেগী মচলা ১ চামোচ, হালধি ১ চামোচ (নিদিলেও হয়), কলা জীৰাৰ গুড়ি ১ চামোচ,ধনিয়াৰ পাত এমুঠি , ১০ খিলা নৰসিংহৰ পাত, কাঁইট থকা বৰ ধনিয়াৰ পাত ১০ খিলা, কেঁচা জলকীয়া ৫-৬ টা, ৪-৫ চামোচ সৰিয়হ বতা , ৩ চামোচ পিঠা গুড়ি, এটা বিলাহী আৰু কুমলীয়া বাঁহৰ চুঙা ৷

ৰন্ধন প্ৰণালী : গাহৰি মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি উহোৱাই ল’ব ৷ এখন কাহীত নহৰু বতা, আদা বতা, গৰম মচলা,কলা জীৰাৰ গুড়ি, সৰিয়হ বতা , নিমখ, পিঠা গুড়ি, হালধি লগতে ধনিয়াৰ পাত নৰসিংহৰ পাত কাঁইট থকা বৰ ধনিয়াৰ পাত আৰু কেঁচা জলকীয়া মিহিকৈ বতি লৈ সকলো খিনি মিহলি কৰি গাহৰি মাংসত সানি ১ ঘন্টা থৈ দিব৷ কুমলীয়া বাঁহৰ চুঙা কেইটামান কাটি ল’ব৷ বাঁহৰ চুঙা কেইটাত এবাতিকৈ গৰম পানী ভৰাই লোৱাৰ পাছত মেৰিনেট কৰি থোৱা মাংস খিনিও ভৰাই দিব ৷ এতিয়া চুঙা কেইটা টানকৈ কল পাতেৰে বন্ধ কৰি জুইৰ ওপৰত সিজিবলৈ দিব৷ মাজে মাজে চুঙাকেইটা ওলোটাই থাকিব ৷ ২০-২৫ মিনিট পাছত জুইৰ পৰা আঁতৰাই ওলপ ঠাণ্ডা হ’বলৈ দি চুঙাৰ পৰা উলিয়াই লৈ ওপৰত মিহিকৈ কুটা বিলাহী আৰু ধনিয়াৰ পাতেৰে সজাই শুকান ৰুটিৰ লগত পৰিবেশন কৰিব৷

মন্তব্য

পঢ়িব পাৰে

জানো আহক তেতেলিৰ উপকাৰিতাৰ বিষয়ে

ডা: মনোজ কুমাৰ শইকীয়া তেতেলি (Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা …