মাঘ বিহু: কিছু অনুভৱ

মাইনু মৰাণ

কেউদিশে এতিয়া ভোগালীৰ প্ৰস্তুতি ৷ কেৱল বিহু, বিহু, মাঘ বিহু ৷ বিহুৰ কথা ওৰেই নপৰে ! পৰিবই বা কিয়? নহয়নে !
মাঘ বিহু বুলি কলে প্ৰথমে মনলৈ আহে কলগছ,বাহ,কাঠ আদিৰে বনোৱা মেজিটো আৰু মেজিৰ ওচৰতে নৰা, খেৰ, বাহ আদিৰে সাজি উলিওৱা খেৰী ঘৰ বা ভেলাঘৰটোলৈ, পৰিয়াল আৰু ওচৰ চুবুৰীয়াই মিলি খোৱা সেই ভোজটোলৈ নহয়নে বাৰু ?
সূৰ্যই পুহ মাহত ধনু ৰাশি এৰি মাঘ মাহত মকৰ ৰাশিত প্ৰৱেশ কৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তি ৰূপেহে পালন কৰে ৷ মাঘ বিহুক উত্তৰায়ণ সংক্ৰান্তি বুলিও কোৱা হয় ৷ মকৰ সংক্ৰান্তিৰ পৰা পৰা গোটেই মাহটো প্ৰাতঃ স্নান কৰাৰ এক লোক বিশ্বাস আছে ৷ এই মকৰ সংক্ৰান্তিত অসমত মাঘ বিহু উলহ মালহেৰে পালন কৰাৰ উপৰিও দেশৰ বিভিন্ন ঠাই যেনে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত “পোংগল”, বিহাৰত “খিচৰী সংক্ৰান্তি”, পশ্চিমবংগত “পৌষ সংক্ৰান্তি” আৰু “বসুন্ধৰা পূজা” পঞ্জাৱত “লেহৰী”ৰ লগতে উৰিষ্যা ,কেৰেলা আদি ৰাজ্যত মকৰ সংক্ৰান্তিক কেন্দ্ৰ কৰি বিভিন্ন উৎসৱ পালন কৰে ৷ আকৌ মাঘত মেজি জ্বলোৱা উৎসৱৰ দৰে ইউৰোপৰ প্ৰায়বোৰ দেশতে খেতি ছপোৱাৰ উৎসৱ পালন কৰি আহিছে ৷ সেইদৰে ডেনমাৰ্ক, ফ্ৰান্স আদিৰ ওপৰিও বাংলাদেশ, ব্ৰাজিল বিভিন্ন ঠাইত বিভিন্ন নামেৰে মকৰ সংক্ৰান্তি আৰু মাঘী উৎসৱৰ লগত মিল থকা উৎসৱ পালন কৰি সমাজ মুখী মানৱ সভ্যতাৰ সাংস্কৃতিক সমিল মিলৰ পৰিচয় দি আহিছে ৷
উৎসৱ পাৰ্ৱন, লোকাচাৰ আদিৰ ক্ষেত্ৰত যুগৰ আচোৰ পৰিলেও মানুহে যে সামূহিক আনন্দ উলাহ, ঐক্য, সম্প্ৰীতি আদি প্ৰকাশ কৰি আহিছে ৷ কিন্তু সাম্প্ৰতিক অসমত বসৱাস কৰা বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল বৰ সোলোক ঢোলোক হৈ পৰা হৈছে ৷ সেয়েহে সাম্প্ৰতিক সময়ত বিভিন্ন উৎসৱৰ জৰিয়তে সকলোৰে মাজত সংহতি গঢি তোলাটোৱেই হব লাগে মুল উদ্দেশ্য ৷

শেষত কামনা কৰিছো…
আকৌ এটা দিন ওভতক যত আমি একে লগে ঠিয় হব পাৰিম একেখন মেজিৰ তলত ৷ এনে এটা পৰিবেশ যত ভেদা ভেদ পৰিহাৰ কৰি, বৈষম্য আতৰ কৰি আঠু লম অগ্নি দেৱতাৰ ওচৰত আৰু আমাৰ মাজৰ পংকিলতা বোৰ পুৰি যাতে অসমীয়া জাতিটোক পোৰা সোনৰ দৰে মেজিৰ জুই কুৰাই চিক্ মিকিয়া কৰি তোলক…
“অগ্নিং প্ৰজ্বলিতং বন্দে চতুৰ্বেদং হুতাহ নশ ৷
সুৱৰ্ণ বৰ্ণ মমলং জ্যোতি ৰূপায়তে নমঃ ৷৷”

মন্তব্য

পঢ়িব পাৰে

বিশ্ব ঘৰচিৰিকা দিৱস

কৰৱী বৰশইকীয়া আজি বিশ্ব ঘৰচিৰিকা দিৱস।২০১০ ৰ পৰাই বিশ্বজুৰি এই দিৱস পালন কৰি আহিছে । …