মাজুলীত গ্ৰন্থ উন্মোচন

উজনি মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড: মাজুলী জিলাৰ অন্তৰ্গত উজনি মাজুলীৰ ভকতি দুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত আজি এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ সাহিত্য সংস্কৃতিৰ দিশত আগবঢ়া ঐতিহ্যময় ভকতি দুৱাৰ অঞ্চলৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশ সামৰি মৌচাকৰ সহযোগী সম্পাদক জগত বৰা, সাংবাদিক, লেখক গোবিন কুমাৰ খাউণ্ডৰ সম্পাদনাত প্ৰকাশ কৰা গ্ৰন্থিখনি উন্মোচন কৰে মাজুলী মহাবিদ্যলয়ৰ অধ্যক্ষ ড° দেৱজিত শইকীয়াই ৷ মাজুলী জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভকতি দুৱাৰ অঞ্চলৰ ঐতিহ্য সৰ্ম্পকত বক্তব্য প্ৰদাণ কৰে আৰু অঞ্চলটোত থকা চৰাইচুংত অতি কম দিনৰ ভিতৰত পক্ষী নিৰীক্ষণ কেন্দ্ৰ স্থাপন হব বুলি জনাই দিনজোৰা কাৰ্যসূচী শেষ হোৱাৰ পাছত নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷ দিনৰ কাৰ্যসূচীত মাজুলীৰ বাহিৰত কৰ্মসূত্ৰ থকা বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …