উদুলি মুদুলি চতিয়াৰ পদূলি: অসমৰ প্ৰথম মুকলি বিহুৰ শতবাৰ্ষিকী পালনৰ প্ৰস্তুতি

চতিয়াৰ পৰা সৌৰভ হাজৰিকা, অসম সংবাদ: সদৌ চতিয়া সাৰ্ব্বজনীন মাধুৰী আঁহতৰ মুকলি বিহু মেলাৰ এইবাৰ শতবৰ্ষ ৷ সেইবাবেই মাঘৰ পৰা ব’হাগলৈ আৰম্ভ হৈছে শতবৰ্ষৰ বৰ্ণিল পৰিক্ৰমা ৷ স্থানীয় বিধায়ক পদ্ম হাজৰিকাক সভাপতি, মৃণাল গোস্বামী আৰু পুষ্প বৰাক সম্পাদক হিচাপেলৈ গঠন কৰা হৈছে উদযাপন সমিতি৷ চতিয়াৰ গাঁওসমূহৰ প্ৰতিনিধিৰে গঠিত এই উদযাপন সমিতিয়ে ইতিমধ্যেই আৰম্ভ কৰিছে শতবৰ্ষৰ প্ৰস্তুতি৷ যোৱা ১১ আৰু ১২ জানুৱাৰীত চতিয়াৰ গাঁৱে গাঁৱে লোৱা হৈছে প্ৰচাৰ কাৰ্যসূচী৷ ব্যতিক্ৰমী ৰূপত প্ৰত্যেক ভেলাঘৰে ভেলাঘৰে ৰাজহুৱাভাৱে আমন্ত্ৰণ দিয়া হৈছিল। ১ মাঘত বিধায়ক পদ্ম হাজৰিকাই মুকলি কৰিলে শতবৰ্ষৰ মুখ্য কাৰ্যালয় আৰু অনুষ্ঠানিকভাৱে মুকলি কৰে ধন সংগ্ৰহৰ কুপন আৰু থিতাতে প্ৰায় দুই লাখ টকা সংগ্ৰহ হয় বিধায়ক জনৰ প্ৰচেষ্টাত৷ দূৰন্ত উদ্যম বুকুত বান্ধি চতিয়াবাসীয়ে ১৯১৮ চনতেই আৰম্ভ হোৱা অসমৰ প্ৰথমখন মুকলি বিহু মাধুৰী আঁহতৰ মুকলি বিহুৰ শতবৰ্ষৰ বাবে মাঘৰ পৰা ব’হাগলৈ হাতত লৈছে বিভিন্ন কাৰ্যসূচী৷ সেই অনুসৰি মাঘত কাৰ্যালয় মুকলি, ফাগুনত বিহু কৰ্মশালা, ফাগুৱা উৎসৱ পালন,চ’তত দিহানাম,ৰাতি বিহু আৰু খেল-ধেমালি৷ আনহাতে ৩০ চ’তৰ পৰা ৭ ব’হাগলৈ অনুষ্ঠিত হ’ব মূল কাৰ্যসূচী৷ ৩০ চ’ত গৰু বিহুৰ দিনা শতবৰ্ষৰ শতখন পতাকা উত্তোলন, ১ ব’হাগ মানুহৰ বিহুত বাৰেৰহণীয়া শোভাযাত্ৰা,২ ব’হাগ গোঁসাই বিহুত গাঁৱে গাঁৱে মাধুৰী সৰু বিহুৱতী প্ৰতিযোগিতা, ৩ ব’হাগ চেনেহী বিহুত জীয়ৰী-বোৱাৰীৰ বিহু-অভিৰুচি গমন,৪ ব’হাগ মেলা বিহুত শতবৰ্ষৰ স্মৃতিগ্ৰন্হ “মাধুৰী” মুকলি আৰু মুকলি বিহু প্ৰতিযোগিতা,৫ ব’হাগ কুটুম বিহুত মূলসভা আৰু সাংস্কৃতিক অনুষ্ঠান আৰু ৭ ব’হাগ চেৰা বিহুত সামৰণি অনুষ্ঠান ‘ভাগৱত পাঠ’

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …