সৰস্বতী পূজা

জ্ঞানদীপ বৰুৱা

       
                  (১)
অন্য দিনৰ দৰেই তাই ঢল পোৱাতেই উঠি হাতত বাঢ়নীটো লৈ চোতাল পালেগৈ । আনদিনৰ দৰেই আজি যেন তাই চোতালখন সাৰিব পৰা নাই । তাতেই বাঢ়নিটো পেলাই ভিতৰ পালেহি মায়া । ঠায়ে ঠায়ে ফাটিব ধৰা চোৱেটাৰ এটা পিন্ধি মাক অন্য দিনৰ দৰেই ফিকা চাহ এবাতি খাই যাবলৈ ল’লে । 
:- ম‍ায়া, মই আঠ বজাত আহি পামহি । তই গা-পা ধুই থাকিবি । কামবোৰ ময়েই কৰিমহি । তই পঢ়া টেবুলখন ঠিক কৰি ল’ ।
 যোৱাৰ আগেয়ে মাকে কৈ গ’ল ।
:- হ’ব মা । তই যা…………..। সম্পূৰ্ণকৈ ফুটাই ক’ব নোৱাৰিলে তাই । দুই চকুৱে দুধাৰি চকুলো বাগৰি আহিল ।

যোৱা ৰাতি মাকৰ উচুপনি শুনি সাৰ পাইছিল তাই । দেউতাকৰ ফটোখনৰ ওচৰলৈ গৈ হুক-হুকাই কান্দি আছিল । এজনী ছোৱালী হৈ বুজিব পাৰে কিমান কষ্টকৰ, আনৰ ঘৰত বাচন-কাপোৰ ধুই, সৰা-মুচা কৰি প্ৰতিপালন কৰা তাই মাকৰ জীৱন । এফালে টকাৰ অভাৱতেই সাধাৰণ বেমাৰতে অকালতে হেৰাই যোৱা দেউতাকৰ স্মৃতি, আনফালে মাকৰ কষ্ট । তাৰ মাজতেই হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা তাই । তথাপিওঁ, ওঠঁত হাঁহি এটি লৈ দুগুন উৎসাহে পঢ়ে । শ্ৰেণীত প্ৰথম হয় । সংগ্ৰাম কি বুজি পায় তাই । কেনেকৈ বাৰু মাকক নাকান্দিবলৈ ক’ব তাই । তাইওঁ যে নিৰুপায় ।

                  (২)
  ” কাইলৈ কি ৰঙৰ পিন্ধি আহিবি ?” – ইজনিয়ে সিজনি ছোৱালীক সুধিছে । কোনে চুলি ষ্টেইত কৰিব, কি ৰঙৰ নেইলপলিচ লগাব ইত্যাদি ইত্যাদিবোৰ এশ এবুৰি প্ৰশ্ন । এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ কেৱল মায়াৰ বাবেই এটা বিশাল শূণ্য । তাই জানে, তাই মাকে বৈ থোৱা কাপোৰ কেইযোৰ তাইৰ এডমিচনৰ সময়ত বিক্ৰি কৰি দিছিল । তাইক এই প্ৰশ্নবোৰে যেন বুকুত শেল এপাট হৈ বিন্ধিছে । তথাপিওঁ, প্ৰত্যোত্তৰত কৈছে, ” নাজানো কি পিন্ধো । মায়ে ঠিক কৰি দিয়া সাজযোৰ পিন্ধিয়ে আহিম ।” 
তাই জানে সৰস্বতী পূজা মানেই এতিয়া ফ্ৰেচনৰ এটা নিদিৰ্ষ্ট দিন । টেলিভিচনত প্ৰতিযোগিতা হয় সুন্দৰী যুৱতীৰ ।  লাস-বিলাসৰ এটা স্থল । কিন্তু, হয়তো বহুতেই নাজানে কিয় পতা হয় সৰস্বতী পূজা? কোন আই সৰস্বতী ?

 তাই নিশ্চুপ হৈ থাকিল । যদিওঁ পৰীক্ষাৰ বাবে সিহঁতৰ ক্লাচ বন্ধ হৈ আছে, ভূগোলৰ প্ৰেক্টিকেলৰ বাবেই সিঁহতক কলেজলৈ মতা হৈছিল । প্ৰক্টিকেলৰ নিদিৰ্ষ্ট কামবোৰ হৈ যোৱাৰ পাছত ছোৱালীসকলৰ মাজত চলিছিল এই কথা বতৰা । তাই অাৰু তাত ৰ’ৱ নোৱাৰিলে । মনে মনে শ্ৰেণী কোঠাটোৰ পৰা ওলাই অাহিল । তাই মনত চিন্তা, কাইলৈ তাই মাকৰ মেখেলা-চাদৰযোৰ পিন্ধি অাহিলে হাঁহিব নেকি ? যদি দুখীয়া বুলি ইতিকিং কৰে নাইবা কাইলৈ যদি কোনেওঁ তাইক সংগ নিদিয়ে ?

তাইৰ নিজলৈয়ে খং উঠিল । মাকৰ মুখখন মনলৈ ভাহি অহাত দুচকু সেমেকি উঠিল । তাই বুজিলে, কাইলৈ আই সৰস্বতীৰ অাৰ্শীষহে লোৱা দিন । টেলিভিচনৰ আগত সুন্দৰী বুলি নিজকে চিনাকি দিয়াৰ প্ৰয়োজন নাই । তাই বেগা-বেগীকৈ ঘৰলৈ খোজ ল’লে ।
                (৩)
:-মায়া, ঐ মায়া কৰি আছ ? এইফালে অাহচোন তোলৈ কি আনিলো চাহি ।
হাতত নতুন চাদৰ-মেখেলা এজোৰ কিনি কোৱাৰ দৰেই অাঠবজাতে পালেহি মাক । 
:- মা ! কিয় আনিলি এইবোৰ ?
যদিও মনতে ভাল পাইছে তথাপিওঁ তাই চিন্তা । তাই জানে মাহেকৰ কেইতামান পাবলৈ থকা পইছাৰে তাই দুখ দেখিয়ে তাইলৈ বুলি লৈ আহিছে এইজোৰ ।
:- পৰীক্ষালৈনো কেইদিন আছে । এতিয়াই পইছাকেইতা পাওঁতেই লৈ অাহিলো । আজি নহলেনো কেনেকৈ গ’লি হেতেন ? লগৰবোৰৰ আগত জানো তোৰ বেয়া নালাগিব ? 
:- মা !
হুক-হুকাই কান্দি উঠিছিল তাই ।
:- যা যা ওলাগৈ । নহলে দেৰিয়ে হব । আৰু শুন, ছাৰ-বাইদেউহঁতৰ সেৱা ল’বি । যা মা-জনী ।
 কি ক’ব তাই ভাৱি নাপালে । কাপোৰ সাজ লৈ তাই দৌৰি দৌৰি ভিতৰলৈ সোমাই গ’ল ।

মন্তব্য

পঢ়িব পাৰে

এমুঠি জোনাক

নীলাভ জ্যোতি কোঁৱৰ সৰু কোঠাটোৰ ভিতৰলৈ ৰাজুক সোমাই অহা দেখি অপ্ৰস্তুত হৈ দুপাত্তাখনৰে বুকুখন ঢকাৰ …