শিল্পগ্ৰামত ৰাষ্ট্ৰীয় কলা উৎসৱ

শিল্পগ্ৰাম মহোৎসৱৰপৰা পাপু বৰুৱা, অসম সংবাদ, গুৱাহাটী: বাৰেৰহণীয়া লোকসঙ্গীত, লোকনৃত্য, থিয়েটাৰ, পৰম্পৰাগত খাদ্য আৰু শিল্পমেলাৰ সংমিশ্ৰিত ৰাষ্ট্ৰীয় কলা উৎসৱ শিল্পগ্ৰাম মহোৎসৱৰ কালি তৃতীয় দিনত একেখন মঞ্চতে যাদু, মাইম, জনগোষ্ঠীয় লোকসঙ্গীত-লোকনৃত্যই মুখৰিত হৈ পৰে গুৱাহাটীৰ পাঞ্জাবাৰী। উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্রৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত কালি বিয়লি যাদু সম্ৰাট বিক্ৰম তালুকদাৰৰ যাদুখেল প্ৰদৰ্শনী অনুষ্ঠান আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসংগীত আৰু লোকনৃত্যৰ বাৰেৰহনীয়া অনুষ্ঠান পৰিবেশন কৰা হ’য়। অনুষ্ঠানত মিছিং গুমৰাগ নৃত্য, তিৱা বৰত নৃত্য,ৰাভা হামজাৰ নৃত্য, চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য ,কাৰ্বি নৃত্য, বড়ো বৰদৈচিলা, নৃত্য, অৰুণাচলী মিজি নৃত্য, বেংগলি ধামাল নৃত্য, মণিপুৰী নৃত্য, গোৰ্খা নেপালী নৃত্য, বিহু নৃত্য আৰু ভাৰত নৃত্যম পৰিবেশন কৰা হয়। বাৰেৰহনীয়া অনুষ্ঠানটি উদ্বোধন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰাক্তন সঞ্চালক ড০ সূৰ্য দাসে। প্ৰাঞ্জল গগৈ আৰু নি:শব্দ ৰ দ্বাৰা মূকাভিনয়ে (মাইম) ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে শিল্পগ্ৰাম মহোৎসৱৰ লগত সংগতি ৰাখি দ্বিতীয়দিনাৰ ৰাতি আয়োজন কৰা নৃত্য মন্দিৰ কলা নিকেতনৰ অধ্যক্ষা অনন্যা লহকৰ তালুকদাৰ সঞ্চালনাত কন কন শিক্ষাৰ্থীক ভূপেন্দ্ৰ সংগীতত নৃত্যৰ প্ৰশিক্ষণ আৰু বিভু ভট্টচাৰ্যৰ পৰিচালনাত ত্ৰিপুৰা থিয়েটাৰ ”কাবুলিৱালা” নাট মনস্থ কৰা হয়। আজি শিল্পগ্ৰাম মহোৎসৱৰ অন্তিম দিন। পদ্মবিভূষণ সন্মানেৰে বিভূষিত সোনাল মানসিংৰ ক্লাচিকেল ডান্স অনুষ্ঠানৰ লগতে নিশালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, ববিতা শৰ্মা আৰু মৌচম গগৈয়ে ফিউজন সংগীতৰ শৰাইৰ উপৰিও বিশিষ্ট সংগীত শিল্পী তথা এন ই জেদ চি চিৰ সঞ্চালক জিতুল সোণোৱালেও গীতৰ অনুষ্ঠানেৰে মুগ্ধ কৰিব । মন কৰিব লগীয়া যে, আজিৰ সামৰণি অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে লোকগীতৰ বিশিষ্টা শিল্পী ধনদা পাঠক উপস্থিত থাকিব

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …