চৰাইদেউৰ মাহমৰাত ৰজাদিনীয়া বৰকাঁহী উদ্ধাৰ

 

 

অসম সংবাদ,মাহমৰা:চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰাৰ বৰবিল গাঁৱত আজি মাটিৰ তলৰ পৰা দুখন ৰজা দিনীয়া বৰকাঁহী উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে ।মাহমৰা বৰবিল কোঁৱৰ নামঘৰত অহা ৪ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ছয়দিনীয়া অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে।এই উপলক্ষ্যে গাঁও খনৰ ৰাইজে অনুষ্ঠানটোৰ কাৰনে নামঘৰৰ ভেটি আৰু চৌহদটো মেৰামতি কৰিব বাবে নামঘৰ সমীপৰ এখন পথাৰত মাটিৰ কাম চলাই থকাৰ সময়তে মাটিৰ তলত দুখন বৃহৎ আকাৰৰ বৰকাঁহী উদ্ধাৰ কৰে ।এই খবৰটো গাঁওখনত বিয়পি পৰাৰ লগে লগে বহু ৰাইজে কাঁহীকেইখন চাবলৈ নামঘৰলৈ আহে । প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ কাঁহী দুখন সোণৰ বুলি একাংশ ৰাইজে দাবী কৰাৰ বিপৰীতে আন একাংশই কাঁহ, পিতল আৰু তাম মিশ্ৰিত ধাতুৰে নিৰ্মিত বুলি মন্তব্য কৰিছে । বৰ্ত্তমান নামঘৰতে সংৰক্ষণ কৰি ৰাখিছে কাঁহী দুখন । এতিয়ালৈ সোণৰ নে আন ধাতুৰে নিৰ্মিত সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই ।

 

মন্তব্য

পঢ়িব পাৰে

বিৰাট-অনুষ্কাৰ বিয়া আৰু পাৰস্যৰ কবি ৰুমিৰ কবিতা

নিউজ ডেস্ক, অসম সংবাদ: বহুচৰ্চিত বিৰাট-অনুষ্কাৰ বিয়াৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পিচতো অন্ত পৰা নাই …