মাজুলীবাসীক নিঠৰুৱা কৰি অম্লানজ্যোতি গ’লগৈ অজান মুলুকলৈ………

উজনি মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড,অসম সংবাদ: উজনি মাজুলীৰ ৰতনপুৰৰ প্ৰফুল্ল বৰুৱাৰ একমাত্ৰ পুত্ৰ সন্তান অম্লানজ্যোতি বৰা বহু দিনৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আজি পুৱা গুৱাহাটী চিকিৎসালয়ত পৰিয়াল, মাজুলীবাসীক কন্দুৱাই জীৱনৰ পৰা মেলানি মাগিলে ৷ অম্লানক সুস্থ কৰি তুলিবলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মাজুলীবাসীৰ পৰা দান বৰঙণি তুলি অৰ্থ সাহায্য প্ৰদান কৰিও মেধাৱী ছাত্ৰজনক সুস্থ কৰিব নোৱাৰি ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াসকল আজি ভাগি পৰিছে ৷ কান্দোনত বাট অন্ধকাৰ হোৱা পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আজি সন্ধ্যা মাজুলীৰ মহাবিদ্যালয় ৰঙাচাহি মহাবিদ্যালয়, খেৰকটীয়া কলেজ আৰু মাজুলী মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰসকলে বন্তি প্ৰজ্বলন কৰি অম্লানজ্যোতিৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ মেধাৱী ছাত্ৰজনৰ মৃত্যুত পূৱ মাজুলী মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, আৰু মাজুলীবাসীয়ে গভীৰ শোক প্ৰকাশ কৰি ছাত্ৰজনৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে ৷

মন্তব্য

পঢ়িব পাৰে

যোগীঘোপাত তীৰৰ ঘাটি উচ্ছেদ: আটক ৪ তীৰ এজেন্ট

অসম সংবাদ, যোগীঘোপা: যোগীঘোপাত অবৈধ তীৰৰ ঘাটি উচ্ছেদ । যোগীঘোপাৰ চলন্তাপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে …