লাহৰীঘাটত বৃদ্ধি পাইছে অবৈধ কাঠফলা মিল কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম,অসম সংবাদ:   যি সময়ত ৰাজ্যৰ স্বয়ং বনমন্ত্ৰী গৰাকীয়ে অবৈধ কাঠফলা মিল সমূহৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ঠিক তেনে সময়তে মৰিগাঁও জিলা বনবিভাগৰ ফোপোলা স্বৰূপ উদঙাই দেখুৱাইছে ।মৰিগাঁও জিলাৰ বানেগৰকা তথা অথনৈতিকভাৱে পিছ পৰা অঞ্চল বগলীপৰা,তিনিচুকীয়া,টেঙাগুৰি, ভূৰাগাও আদি এলেকাত প্ৰতিযোগিতামূলকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অবৈধ কাঠ ফলা মিল ।কুম্ভকৰ্ণ নিদ্ৰাত থকা বন বিভাগৰ এনে উদাৰতাৰ সুযোগ লৈ এই পিছপৰা অঞ্চল সমূহত দিনে নিশাই অবৈধভাৱে চলা মিল সমূহে অঞ্চলটোৰ প্ৰকৃতিৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলোৱাৰ লগতে অঞ্চলটোৰ জৈৱ বৈচিত্ৰতা আৰু কৃষি খণ্ডৰ বাবেও এক বৃহৎ ভাকুকি হিচাবে থিয় দিছে। পূবতে শীত কালৰ লগে লগেই অঞ্চল সমূহলৈ আগমণ ঘটিছিল বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ।যিয়ে অপাৰ আনন্দ দিছিল অঞ্চল সমূহৰ ৰাইজৰ লগতে প্ৰকৃত প্ৰেমী সকলৰ মনত ।কিন্তু সম্প্ৰতি সময়ত গছ গছনি নথকাৰ বাবে দেখিবলৈ পোৱা নাযায় সেই পৰিভ্ৰমী চৰাই সমূহ। আনকি স্থানীয় প্ৰজাতিৰ কিছুমান চৰাই আছে যিবোৰে সৰু গছজোপাত বাঁহ সাজিবলৈ ভয় কৰে। তেনে প্ৰজাতিৰ চৰাই সমূহো ওখ গছ গছনিৰ অভাৱত অঞ্চলটোৰ পৰা লুপ্ত হব ধৰিছে। প্ৰকৃতিৰ এনে বিপৰ্যয় অৱস্থা দেখি শংকিত হৈ পৰিছে অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী সকল। আনহাতে অঞ্চলটোত পক্ষীকুলৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাত খেতি পথাৰত নতুন নতুন পোক পতংগৰ উদ্ভৱ হৈছে যিবোৰ বানপীড়িত দুখীয়া কৃষক সকলে কৃটনাশক প্ৰয়োগ কৰাও কৃষি পথাৰৰ পৰা আতৰাবলৈ ব্যৰ্থ হৈছে। এয়া যেন কৃষকৰ বাবে অনাগত ভৱিষ্যতৰ এক অশুভ সংকেত। সেয়েহে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ,যুৱসমাজৰ লগতে কৃষক সকলেও এই অবৈধ মিল সমূহ অচিৰেই বন্ধ কৰিবলৈ বনমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছ।

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …