বটদ্ৰৱাত ডেনমাৰ্কৰ শিক্ষাবিদ থমাছ ষ্টীছ

অসম সংবাদ,বেবেজীয়া: সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ শেহতীয়াভাৱে আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ। যোৱা ১৭ জানুৱাৰীত কানাডাৰ বিশিষ্ট লেখক হৰ্ষ ডি ডেহেজিয়াই থান দৰ্শন কৰাৰ পাছত আজি ডেনমাৰ্কৰ ভিললেণ্ড চহৰ নিৱাসী থমাছ ষ্ট্ৰীছ নামৰ এগৰাকী শিক্ষাবিদ তথা সাহিত্য অনুৰাগী পৰ্যটক বট্দ্ৰৱাত উপস্থিত হয়।ধূতি পৰিধান কৰি কান্ধত গামোছা লৈ দুপৰীয়া কীৰ্তনঘৰত সহস্ৰাধিক তীৰ্থযাত্ৰীৰ লগত একেলগে নাম প্ৰসংগত অংশ লৈ প্ৰসাদ গ্ৰহণ কৰে পৰ্যটকগৰাকীয়ে । বটদ্ৰৱা থানৰ নৈসৰ্গিক পৰিবেশ, সাংস্কৃতিক গৰিমা ঐতিহ্য,ইশ্বৰ উপাসনা কৰাৰ স্বতন্ত্ৰ পদ্ধতি দেখি মুগ্ধ হোৱা পৰ্যটকগৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰপৰা বৰদোৱাৰ পৰিচয় সম্বলিত ইংৰাজী গ্ৰন্থ আৰু ধৰ্ম বস্ত্ৰেৰে আদৰণি জনোৱা হয়।বটদ্ৰৱা থান দৰ্শনকালত পৰ্যটকগৰাকীক সংগ দিয়ে সোমনাথ বৰা,সাংবাদিক কন্দৰ্প কুমাৰ কলিতা,অমৰজ্যোতি কলিতা,স্থানীয় যুৱক ৰবীন দেৱ গোস্বামী আদিয়ে।

মন্তব্য

পঢ়িব পাৰে

যোগীঘোপাত তীৰৰ ঘাটি উচ্ছেদ: আটক ৪ তীৰ এজেন্ট

অসম সংবাদ, যোগীঘোপা: যোগীঘোপাত অবৈধ তীৰৰ ঘাটি উচ্ছেদ । যোগীঘোপাৰ চলন্তাপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে …