চৰাইদেউ জিলাত কয়লা সৰবৰাহ বন্ধ

অসম সংবাদ,সোণাৰি : চৰাইদেউ জিলাৰ সদৰ সোণাৰিত কয়লা মাফিয়াই যোৱা কালি ঐতিহাসিক নিমণাগড়,চিংফাং,চিপূৰীয়া অঞ্চলত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আবদ্ধ কৰি ভাবুকি প্ৰদান কৰা ঘটনাৰ পিছত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ জিলাখনত । অবৈধ কয়লা চিণ্ডিকেট উৎখাটৰ দাবীত সাত  জাতীয় সংগঠনৰ সোণাৰিত ঐতিহাসিক ধোদৰ আলি অৱৰোধ।আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু, টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা, অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু  চৰাইদেউ প্ৰেছ গীল্ডৰ কৰ্মকৰ্তাই অৱৰোধ কৰিলে ঐতিহাসিক ধোদৰ আলি।এই অৱৰোধৰ ফলত ব্যাপক যান যটৰ সৃষ্টি হয়।উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নিমণাগড়ত অবৈধ কয়লা সৰবৰাহ আৰু মজুতকৰণৰ ফলত ঐতিহাসিক নিমণাগড় ধ্বংসৰ দিশে অগ্ৰসৰ হোৱাৰ ফলত জাতীয় আৰু জনগোষ্ঠীয় সংগঠকেইটাই অতি শীঘ্ৰে এই কাৰ্য বদ্ধৰ দাবী জনায়।আনহাতে চৰাইদেউ জিলা প্ৰশাসনে তাৎক্ষণিক ভাবে কয়লা ডিপু আৰু সৰবৰাহ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …