বোকাখাতৰ মইনাৰ কৰুণ জীৱন সংগ্ৰাম সু – দৃষ্টি পৰিবনে চৰকাৰৰ ?

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া,অসম সংবাদ : বোকাখাত সমষ্টিৰ ৰজাবাৰীৰ এজন যুৱক মইনা শইকীয়া ৷ ২৯ বছৰীয়া মইনা বোকাখাত সমষ্টিৰ ১০ নং ৱাৰ্ডৰ কুৰুৱাবাহী গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰফুল্ল শইকীয়া আৰু তৰু শইকীয়াৰ বৰ পুত্ৰ ৷জন্মৰে পৰা শাৰীৰিক ভাবে অক্ষম লোকজনলৈ নাই কোনো চৰকাৰী আঁচনি ৷চৰকাৰী কোনো আচঁনিত নাম সন্নিবিষ্ট নহয় তেওঁৰ নাম ৷ যাৰ বাবে উপায়বিহীন হৈ পৰিছে যুৱকজন ৷ ৰজাবাৰীৰ নেপালীখুটি গাওঁৰ এটা সৰু জুপুৰীত বাস কৰা মইনাই ঘৰৰ সন্মুখতে সুদীৰ্ঘ ১০ বছৰৰ পৰা দি আহিছে এখন চাইকেল মেৰামতিৰ দোকান।জন্মৰে পৰা হাত ভৰি সম্পূৰ্ণ ভাৱে অক্ষম মইনাই অতি কষ্ট কৰি চাইকেল মেৰামতি কৰে ভৰিৰে ৷ দোকানখনৰ উপাৰ্জনৰ পৰাই মইনাই দুই ভাতৃৰ পঢ়াৰ খৰছ বহন কৰাৰ উপৰিও দিন হাজিৰা কৰা দেউতাককো সহায় কৰি আহিছে ৷উল্লেখযোগ্য যে অসমৰ কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ বাসভৱনৰ নিচেই কাষতে থকা মইনা শইকীয়াৰ ঘৰত নাই অনাময় ব্যৱস্থা ৷ চৰকাৰী গৃহৰ পৰাও বঞ্চিত তেওঁ৷ পঞ্চায়তত কৰা আৱেদন বাৰে বাৰে বাতিল হয় তেওঁলোকৰ ৷ ইয়াৰোপৰি মইনাই ভৰিৰে আকি দেখুৱালে ব্যতিক্ৰমী ছবি ৷ উল্লেখযোগ্য যে ২০১০ চনত গুৱাহাটীৰ কলাক্ষেত্ৰত ৰূপান্তৰ সৰ্বাংগীন উৎকৰ্ষৰ যুৱমঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিক অনুষ্ঠিত হোৱা এক ছবি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল মইনাই ৷ ইয়াৰ পাছতো অসম ভিত্তিক কেইবাটাও পুৰস্কাৰ বুটলি গৌৰৱ কঢ়িয়াইছিল তেওঁল। ছবি আকি আগুৱাই যাবলৈ অদম্য হেপাঁহ মনত পুহি ৰাখিছে মইনাই ৷ ২০১৪ চনত ৰজাবাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এতিয়া উপায়বিহীন হৈ পৰিছে তেওঁ ৷ শাৰীৰিক অক্ষমতাক নেউচি আগবাঢ়িবৰ মন তেওঁৰ ৷ মন্ত্ৰী অতুল বৰাক হাতযোৰ কৰি বিচাৰিলে শাৰীৰিকভাৱে অক্ষম ব্যক্তিয়ে চলাব পৰা এখন চাইকেল , এখন ঘৰ , আৰু দোকানখন মেৰামতীৰ বাবে কেইটামান টকা ৷

মন্তব্য

পঢ়িব পাৰে

চৰাইদেউ জিলাত কয়লা সৰবৰাহ বন্ধ

অসম সংবাদ,সোণাৰি : চৰাইদেউ জিলাৰ সদৰ সোণাৰিত কয়লা মাফিয়াই যোৱা কালি ঐতিহাসিক নিমণাগড়,চিংফাং,চিপূৰীয়া অঞ্চলত বাতৰি …