হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মাহেকীয়া আলোচনী বিন্দুৰ ৰক্তদান শিবিৰ

নিউজ ডেস্ক,অসম সংবাদ: “বিন্দু স্মাৰ্ট”ৰ উদ্যোগত মাহেকীয়া আলোচনী বিন্দুৰ প্ৰায় ডেৰ শতাধিক সদস্যই স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৪৯ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত ৰক্তদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰৰ নেতৃত্বত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত উক্ত শিবিৰৰ সফলতাৰ বাবে বিন্দু আলোচনীৰ সদস্যসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমেন তালুকদাৰে ভূয়সী প্ৰশংসা কৰে । অনুষ্ঠানত পৌৰ সভাৰ মেয়ৰ মৃগেন শৰনীয়া, সমাজসেৱিকা নম্ৰতা শৰ্মা, বিশিষ্ট যুবনেতা হিতেশ কলিতা, পৰাগ ডেকা, অলকেশ কলিতা আদিও উপস্থিত থাকে ৷

মন্তব্য

পঢ়িব পাৰে

নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ ঈৰ্ষণীয় সাফল্য: ৰাষ্ট্ৰীয় স্কুল গেমছত ৪ জনৰ পদক

অসম সংবাদ,বেবেজীয়া: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ২৮ জানুৱাৰীৰ পৰা চলি থকা ভভিনাম সমৰকলা ৰ ৬৩ সংখ্যক …