১৯ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেল: জয়ৰ বাবে ভাৰতৰ সন্মুখত ২১৬ ৰাণৰ লক্ষ্য

নিউজ ডেস্ক, অসম সংবাদ: আই চি চি ১৯ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতক জয়ৰ বাবে ২১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে অষ্ট্ৰেলিয়াই৷ শনিবাৰে নিউজিলেণ্ডত অনুষ্ঠিত হৈ থকা বিশ্বকাপৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই টজত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়৷ দলটোৱে ভাৰতীয় বলাৰৰ সন্মুখত তিষ্টিব নোৱাৰি ৪৭.২ অ’ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২১৬ ৰাণ কৰে৷ অষ্ট্ৰেলিয়াৰ হৈ জনাথন মোৰেলে সৰ্বাধিক ৭৭ ৰাণ কৰে৷ আনহাতে ভাৰতৰ ঈশান প’ৰেল, শিবা সিং, কমলেশ নাগৰকটি আৰু অনুকুল ৰয়ে দুটাকৈ উইকেট দখল কৰে৷ বৰ্তমানলৈ ভাৰতে ৪ অ’ভাৰত এটাও উইকেট নেহেৰুৱাকৈ ২৩ ৰাণ কৰিছে৷

মন্তব্য

পঢ়িব পাৰে

চকুৰ এটা ইংগিত আৰু প্ৰিয়া: ইনষ্টাগ্ৰামতে হাৰ মানিলে জুকাৰবাৰ্গ

নিউজ ডেস্ক, অসম সংবাদ: দুদিন আগলৈকে প্ৰিয়া প্ৰকাশ ভাৰিয়াৰ কোন বহুতে চিনিয়ে পোৱা নাছিল ৷ …