অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ জিলা বঁটা দৰং জিলা সাহিত্য সভালৈ

মংগলদৈৰ পৰা নিৰঞ্জন শইকীয়া,অসম সংবাদ: অসম সাহিত্য সভাৰ চতুঃসপ্ততিতম বৰডুমচা অধিৱেশনত অসম সাহিত্য সভাই শ্ৰেষ্ঠ জিলা সাহিত্য সভাৰ বঁটা প্ৰদান কৰে দৰং জিলা সাহিত্য সভাক । আজি অসম সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত বঁটা গ্ৰহণ কৰি দৰং জিলা সাহিত্য সভাৰ সভাপতি চহিৰ ভুঞা, সম্পাদক মুকুট চন্দ্ৰ হাজৰিকাৰ লগতে দৰং জিলাৰ পৰা যোৱা প্ৰতিনিধিসকল উৎফুল্লিত হৈ পৰে । অসম সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ জিলাৰ বঁটা লাভ কৰাৰ বাবে দৰং জিলাৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে । আজি বৰডুমচা অধিৱেশনৰ মুকলি সভাত বিশিষ্ট সমালোচক আৰু সমাজকৰ্মী দেৱেন দত্ত, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° পৰমানন্দ ৰাজবংশী, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, অভ্যৰ্থনা সমিতিৰ সভাপতি তথা সাংসদ ৰামেশ্বৰ তেলীৰ লগতে মনিপুৰী সাহিত্য সভাৰ সভাপতি আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত দৰং জিলা সাহিত্য সভাৰ সভাপতি-সম্পাদকৰ লগতে প্ৰতিনিধি বৰ্গই বঁটাটি গ্ৰহণ কৰে ।

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …