নাগালেণ্ডৰ পেৰেণ জিলাত এন এছ চি এন আই এমৰ নেতাক গুলীয়াই হত্যা

ডিমাপুৰৰ পৰা মণ্টুচ কোঁৱৰ, অসম সংবাদ: নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক অস্থিৰতাৰ চলি থকাৰ মাজতে কালি নিশা পেৰণ জিলাৰ জালুকিত নগা বিদ্ৰোহী সংগঠনৰ এগৰাকী শীৰ্ষ নেতাক অচিনাক্ত দুৰ্বত্তই নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্য কৰিছে। দুৰ্বৃত্তৰ হাতত নিহত হোৱা এন এছ চি এনৰ নেতাজনৰ নাম কেডিছুঙবি নৰিয়াম । জালুকি আৰক্ষীয়ে সদৰী কৰামতে কালি নিশা এন এছ চি এন ডেপুটি কিলন’ছাৰ অৰ্থাৎ কেন্দ্ৰীয় প্ৰশাসনীয় বিষয়া নৰিয়ামৰ গুলীবিদ্ধ মৃতদেহটো নিজৰ বাসগৃহৰ চৌহদত উদ্ধাৰ কৰে। নগা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি আজি ব্যাপক অভিযান আৰম্ভ কৰিছে। ইফালে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমেও দোষীক কৰায়ত্ত কৰিবলৈ নিজাববীয়া তদন্ত অব্যাহত ৰাখিছে। পেৰেণ আৰক্ষীয়ে ইতিমধ্যে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তুলিছে । উল্লেখ্য যে পেৰেণ হ’ল মুখ্যমন্ত্ৰী টি আৰ জেলিয়াংৰ গৃহজিলা ।

মন্তব্য

পঢ়িব পাৰে

চেঙাৰ বান্দালীত ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

অসম সংবাদ, চেঙা: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা তথা চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দালীত ব্ৰহ্মপুত্ৰত …