নিৰৱ নিনাদ

নিৰুপমা ডেকা

“তোমাৰ নিৰুত্তৰ সময়বোৰে মোক যেতিয়া অন্তৰত আঘাত কৰে তেতিয়া অনুমান কৰোঁ কিমান বেছি ভালপোৱা থাকিলে এনে মনোকষ্ট পাব পাৰি ৷ তেতিয়া তোমালৈ মোৰ ভালপোৱা আৰু বাঢ়ে৷”

নিৱেদিতাই তাইৰ ডায়েৰীখনত লিখি গ’ল শাৰীকেইটা ৷ কিমান দিন হ’ল বাৰু নিৰজ হেৰুৱাৰ , তাই হিচাব এটা কৰিলে এক দুই….আজি দুবছৰ , নহয় তিনিবছৰ এহ মনতে নপৰে কিমান বছৰ৷ তাই থেকেচি পেলালে হাতৰ ডায়েৰীখন৷ পুনৰ তাই আলফুলে ডায়েৰীখন সাৱটি লৈ চুমা খায়৷ কান্দে আৰু মুখ ফুলাই অভিমানেৰে চাই ৰয়৷
বিয়াৰ এটা বছৰ হৈছিলহে সিহঁতৰ ৷ সংসাৰ বঢ়োৱাৰ কথা আছিল পিছৰ বছৰটোত ৷ তাৰ ফোনটো নোপোৱাৰ ঠিক এদিন পিছতেই বাতৰি এটাই তাইৰ বুকুখনত থকা সুখকণ পখালি পেলাইছিল৷
‘গড়কাপ্তানী বিভাগৰ ডেকা ইঞ্জিনীয়াৰ নিৰজ চৌধাৰীৰ অপহৰণ৷’
খবৰটোৰ আখৰ কেইটা তাইৰ চকুত আজিও ট ট কৈ জিলিকি থাকে৷ সময়ে নিৰজৰ খবৰটোক ধুসৰ কৰি আনিলে ৷ অপহৰণকাৰীয়ে নিৰজৰ শুংসূত্ৰ একো নিদিলে ৷ কিয়, কি বিচাৰি তাক কি কৰিলে একো নক’লে৷ তাই সেই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ কাৰ দ্বাৰানো অন্যায়টো হ’ল তাকো নুবুজিলে ৷ উপায়হীন সময়বোৰত তাই মাত্ৰ মৰম অভিমানবোৰ টুকি যায় ৷ নিৰজলৈ ভালপোৱাবোৰ সাঁচি সাঁচি মনৰ ভঁৰালটো ভৰাই যায় ৷ নিৰজৰ লগত অকলে থাকি থাকি তাই আন মানুহবোৰক চিনি নোপোৱা হৈ যায় ৷ মাত্ৰ শব্দবোৰেই নিৰজৰ ৰূপ লৈ তাইক চিনাকি প্ৰেমৰ সংগ দিয়ে ৷
তাইৰ কোঠালৈ সোমাই অহা নাৰ্চগৰাকীয়ে তাইৰ ওচৰলৈ আহি ডায়েৰীখন কাঢ়ি লৈ কলে, নিৰজে আমনি পাইছে, তাক শুবলৈ দিয়া আৰু তুমিও শুৱা৷

মন্তব্য