আজৱ কাণ্ড: শিক্ষকক প্ৰহাৰ কৰা ছাত্ৰৰ সপক্ষত আন্দোলন

অসম সংবাদ,গোৱালপাৰা: গোৱালপাৰা জিলাৰ জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।  বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত তলা ওলোমাই প্ৰতিবাদ জনায় ছাত্ৰ ছাত্ৰীসকলে । ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ছাত্ৰ-ছাত্ৰীসকলৰ দাবী বিনাচৰ্তে আৰক্ষীয়ে মুক্তি দিব লাগে বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সা:সম্পাদক জিৰাফ উদ্দিনক।  জানিবপৰামতে যোৱা ৬ ফেব্ৰুৱাৰীত বিদ্যালয়খনত পাঠদান আৰম্ভ হোৱাৰ পিছত শিক্ষক আব্দুৰ ৰেকিবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্র-ছাত্রী সকলোক পাঠদান দি আছিল ৷ তেনে সময়ত বিদ্যালয়খনৰ ছাত্র একতা সভাৰ সম্পাদক জিৰাফ উদ্দিনে কোঠালিটোত প্ৰবেশ কৰি শিক্ষক আব্দুৰ ৰেকিবৰ ওপৰত আক্ৰমণ চলায় ৷ ফলত শিক্ষক আব্দুৰ ৰেকিব গুৰুতৰভাৱে আহত হৈ পৰে ৷ আনফালে এই ঘটনা সংঘতিত হোৱাৰ পিচতে জলেশ্বৰ আৰক্ষী চকীৰ আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক আক্ৰমণকাৰী সম্পাদক জিৰাফ উদ্দিনক কৰায়ত্ত কৰি লক্ষীপুৰ আৰক্ষী থানালৈ নিয়ে ৷ আৰক্ষীয়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত সম্পাদক গৰাকীক সোধপোছ অব্যাহত ৰাখিছে ৷ ঘটনা সন্দৰ্ভত শিক্ষক আব্দুৰ ৰেকিবে লক্ষীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলিও জনা গৈছে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি আজি গোৱালপাৰা জিলাৰ জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত তলা লগালে ছাত্র-ছাত্রীয়ে ৷ বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জিৰাফ উদ্দিনৰ মুক্তিৰ দাবীত তলা লগালে ছাত্র-ছাত্রীয়ে ৷
ইপিনে বিদ্যালয়খনৰ বাহিৰত থিয় হৈ থাকিব লগা হৈছে শ-শ ছাত্র-ছাত্রী তথা শিক্ষক-শিক্ষয়ত্রীসকল ৷ ঘটনাস্থলীত উপস্থিত হয় জলেশ্বৰ আৰক্ষী চকীৰ আৰক্ষী ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় আৰক্ষীয়ে ৷ আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত টনা আজোৰাও হয়। ইপিনে ঘটনাৰ বুজ লবলৈ ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ চক্ৰ বিষয়া। কিন্তু তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ আগত কোনো ধৰনৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …