ঢকুৱাখনাত লখিমপুৰ জিলাৰ মহিলা কংগ্ৰেছৰ এক বিশাল সভা

ঢকুৱাখনাৰপৰা পাপু বৰুৱা ,অসম সংবাদ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ উদ্দোগত আজি ঢকুৱাখনাৰ ৰাজীৱ ভৱনত এক বিশাল সমাবেশ অনুষ্ঠিত হয়।জিলাখনৰ ৬ খন ব্লকৰ মহিলা কংগ্ৰেছৰ নেত্ৰী আৰু কৰ্মীসকলক লৈ আয়োজিত মহিলা কৰ্মশালাৰ অনুষ্ঠানত সভানেত্ৰীত্ব কৰে লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগমে।সভাত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ‌ য়াছমিন হ’ক , লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডঃ জয়প্ৰকাশ দাস,জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন উপ সভানেত্ৰী মণিকা পাতিৰ,ধেমাজি মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰাণী গগৈ,ঢকুৱাখনাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা লালিত্য দাস,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি মকুল গগৈ,উপ সভাপত কেশেন চেতিয়া, সম্পাদক দেৱ গগৈকে আদি কৰি বহুতো নেতা কৰ্মী উপস্থিত আছিল। উল্লেখ্য যে এই মহিলা কংগ্ৰেছৰ কৰ্মশালা লখিমপুৰ,নাৰায়ণপুৰ,নাওবৈছা,বিহপুৰীয়া,বগীনদী,ঘিলামৰা,ইত্যাদিৰ পৰা হাজাৰ হাজাৰ মহিলাই আহি অংশগ্ৰহণ কৰে। অন্যহাতে বিজেপি চৰকাৰে জনতাক চূড়ান্ত মিথ্যাচাৰ আৰু মূল্যবৃদ্ধিৰে ৰামটাঙোন সোধাই পৰিৱৰ্তনৰ নামত এয়া এক নাটক বুলি কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ নেতাসকলে।

 

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …