লংকাত অঘটন: ৰেলৰ খুন্দাত নিহত চাৰিটাকৈ বন্যহস্তী

অসম সংবাদ, কামপুৰ: ৰেলৰ খুন্দাত পুনৰ ৰাজ্যত প্ৰাণ হেৰুৱালে চাৰিটাকৈ বন্যহস্তীয়ে ৷ ৰেল বিভাগৰ অমনোযোগিতাৰ বাবে লংকাৰ হাৱাইপুৰত শোকাৱহ ঘটনা ৷ ৰেলৰ খুন্দাত থিতাতে মৃত্যু হ’ল চাৰিটাকৈ বন্যহস্তীৰ ৷ ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত এটা বন্যহস্তী ৷ গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ ৰেলৰ খুন্দাত সংঘটিত হয় এই কৰুণ ঘটনা ৷ দুৰ্ঘটনাস্থলীতে বহুসময় ধৰি আৱদ্ধ হৈ পৰে পেচেঞ্জাৰ ৰেলখন ৷

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …