চামগুৰিত চাঞ্চ্যলকৰ ঘটনা

অসম সংবাদ,পুৰণিগুদাম:নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰিৰ হেমাৰবৰিত আজি দুপৰীয়া এক চাঞ্চ্যলকৰ ঘটনা সংঘটিত হয় ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে গুৱাহাটীত এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ ঘৰত দেহৰক্ষী হিচাবে কৰ্মৰত অসম আৰক্ষীৰ জোৱান উৎপল বৰাই চাৰ্ভিচ পিষ্টলটো ঘৰলৈ লৈ আনিছিল ।তাৰ পিছতেই দূৰ্ভাগ্যবশত:এক অঘটন সংঘটিত হয় ।জোৱায়েক উৎপল বৰাৰ চাৰ্ভিচ পিষ্টলৰ গুলীৰে গুলীবিদ্ধ হৈ নিহত হয় শাহুৱেক ৰূপৰেখা বৰা।ৰূপৰেখা বৰাৰ ভতিজাকে উৎপল বৰাৰ চাৰ্ভিচ পিষ্টলটো লৈ থকা অৱস্থাতেই হঠাৎ পিষ্টলটোৰ গুলী ফুটি ৰূপৰেখা বৰা নামৰ মহিলাগৰাকী নিহত হয় বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে ।বৰ্তমান এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

মন্তব্য

পঢ়িব পাৰে

জাঁ‌জীত শোকাৱহ পথ দুৰ্ঘটনা: এজন নিহত

জাঁ‌জীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁ‌জী তেল ডিপুৰ সমীপৰ …