হৰিনামৰ ধ্বনি,ভাগৱত পাঠৰ অমিয়া সুৰেৰে ভক্তিপীঠত পৰিণত কপাহেৰাৰ সম্বন্বয় ক্ষেত্ৰ

অসম সংবাদ,বেবেজীয়া: দেওবাৰে পুৱাই বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত কপাহেৰাত সৃষ্টি হ’ল এক উদুলি-মুদুলি পৰিবেশৰ। নগাঁও-মৰিগাঁও জিলাৰ সমীপৱৰ্তী কপাহেৰাৰ ঐতিহ্যমণ্ডিত সৰ্বোদয় ক্ষেত্ৰৰ পৰা ওলোৱা এক বৰ্ণময় ভাগৱত শোভাযাত্ৰাই সমগ্ৰ কপাহেৰা অঞ্চল কৰি তোলে মুখৰিত। বৰ্ণিল শোভাযাত্ৰাটিত ভক্ত বৈষ্ণৱৰ হৰিনামৰ ধ্বনি,জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ লগতে কণ কণ শিশুসকলে প্ৰদৰ্শন কৰা সত্ৰীয়া সংস্কৃতিৰ অভিনয়েৰে উজ্বলি উঠে।কপাহেৰাত চলি থকা নগাঁও-মৰিগাঁও জিলাৰ জনজাতি সংস্কাৰী সংঘৰ ৩২ তম দ্বি-বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিনৰ মূল কাৰ্যসূচী ভাগৱত শোভাযাত্ৰাত জিলা দুখনৰ ২৫ খন প্ৰাথমিকৰ কেবাসহস্ৰাধিক ভক্ত বৈষ্ণৱৰ লগত কপাহেৰাৰ ৰাইজে হৰিনাম কীৰ্তনত ভাগ লৈ ভক্তিৰ অমিয়া ৰসত আত্মাহাৰা
হৈ পৰে।উল্লেখ্য যে, শনিবাৰে পতাকা উত্তোলনৰে আৰম্ভ হোৱা অধিৱেশনখনিৰ দিনৰ ভাগত স্মৃতি তৰ্পণ, চিত্ৰাংকন প্ৰতিযোগিতা,আৰু প্ৰতিনিধি সভাও অনুষ্ঠিত হয়।দেওবাৰে বিয়লি কেবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এখনি ধৰ্মালোচনী সভাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰে।

মন্তব্য

পঢ়িব পাৰে

জাঁ‌জীত শোকাৱহ পথ দুৰ্ঘটনা: এজন নিহত

জাঁ‌জীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁ‌জী তেল ডিপুৰ সমীপৰ …