ৰঙিয়াৰ ভাৰত -ভূটান সীমান্ত আন্ত:ৰাষ্ট্ৰীয় পথৰ বালাগাঁৱত পথ দুৰ্ঘটনা, নিহত বৃদ্ধা

অসম সংবাদ,ৰঙিয়া:ৰঙিয়া চহৰৰ সোঁমাজেৰে যোৱা ভাৰত -ভূটান সীমান্ত আন্ত:ৰাষ্ট্ৰীয় পথৰ বালাগাঁৱত  আজি দিনৰ ভাগত সংঘটিত পথ এক দুৰ্ঘটনাত এগৰাকী বৃদ্ধা মহিলাই অকাল মৃত্যুক সাৱটি লয়।পথচাৰী বৃদ্ধা মহিলা গৰাকী  বালাগাঁওৰ  চমলা বিবি বুলি চিনাক্ত কৰা হৈছে ।ঘটনাৰ বিৱৰণী মতে এ.এছ-বি. জেড ০১-০১৯৮ নম্বৰৰ তীব্ৰ বেগী  মহেন্দ্ৰ বলেৰ’খনৰ চালক জনে নিয়ন্ত্ৰণ হেৰুৱাই   পথচাৰী মহিলাগৰাকীক মহতিয়াই নিয়ে।ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা বৃদ্ধা মহিলাগৰাকীক লগে লগে ৰঙিয়া অসামৰিক চিকিৎসালয়ত নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে । গুৰুতৰভাৱে আহত হোৱাৰ বাবে চিকিৎসালয় পোৱাৰ মূহুৰ্ততে  বৃদ্ধা গৰাকীয়ে মৃত্যুক আঁকোৱালি লয়।

 

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …