তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰিলে কমাৰকুছি আৰক্ষীয়ে

অসম সংবাদ,বৰভাগ:এক গোপন তথ্যৰ ভিত্তিত  যোৱা কালি পুৱতি নিশা কমাৰকুছি আৰক্ষীয়ে বৰভাগৰ সৰুকুছি আৰু বেটকাতা গাওঁত অভিযান চলাই তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চোৰ তিনিজম ক্ৰমে তাজেৰ আলী(২৮),চাহাবুদ্দিন আহমেদ (২০)আৰু আলী হুছেইন (২৩)বুলি কমাৰকুছি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাই জানিবলৈ দিছে।গ্ৰেপ্তাৰধীন আটাইকেইজন চোৰৰ ঘৰ সৰকুছিত বুলি জানিব পৰা গৈছে ।অভিযান কালত আৰক্ষীয়ে এটি কম্পিউটাৰ ছেট উদ্ধাৰ কৰে ।উল্লেখ্য যে উদ্ধাৰ হোৱা কম্পিউটাৰ ছেটটো বিগত বৰ্ষৰ ১২ এপ্ৰিল তাৰিখে নলবাৰী ডায়েট ,কৰিয়াৰ পৰা চুৰি হৈছিল।ইপিনে আজি দিনৰ ভাগত চোৰকেইটাক নলবাৰী আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …