ভাইৰেল ভিডিও’ৰ হাঁহিমুখীয়া ছোৱালীজনীৰ আঁৰৰ কথা

অজয় দাস

সংবাদ মাধ্যমত হঠাৎ ভাইৰেল হৈ পৰিছে এটা ভিডিও’ আৰু কেইখনমান বিশেষ ছৱি ৷ এজনী ছোৱালীৰ এটা মিচিকিয়া হাঁহি আৰু এবাৰ চকু টিপ মৰা ভিডিও’ আৰু ফটো ভাইৰেল হৈ পৰিল সমগ্ৰ ছচিয়েল মিডিয়াত ।

আচলতে এই ভিডিও’টো হ’ল এখন আহিব লগীয়া মালায়লম চিনেমাৰ দৃশ্যাংশ । আহিবলগীয়া এই চিনেমাখনৰ নাম হ’ল “Ora Adaar Love” এই মালায়লম চিনেমাখনত অভিনয় কৰিছে ‘প্ৰিয়া প্ৰকাশ ভেৰিয়াৰ‘ । ভেলেণ্টাইন ডে’ৰ প্ৰাকমুহূৰ্তত ভাইৰেল এই ভিডিও’টোৰ পৰা বহুতে বহু ফটো Edit কৰিছে ৷ মাথো ২৪ ঘণ্টাৰ ভিতৰতে ভাইৰেল হোৱা এই ফটোৰ শ্বেয়াৰৰ সংখ্যাই চেৰ পেলালে বহু নামী-দামী তাৰকাক । হঠাৎ যেন সকলোৰে জনপ্ৰিয় হৈ পৰিল এই কমবয়সীয়া প্ৰিয়া প্ৰকাশ ।

প্ৰিয়া প্ৰকাশে পূৰ্বেও ভালেকেইখন মালায়লম ছবিত অভিনয় কৰিছে । প্ৰিয়া প্ৰকাশে এক সুন্দৰী প্ৰতিযোগিতাতো বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল । এই প্ৰিয়া প্ৰকাশ ভেৰিয়াক আখ্যা দিয়া হ’ল Heart Girl বুলি । গুৰুত্বপুৰ্ণ বিষয় হ’ল যে প্ৰিয়া প্ৰকাশ পৃথিৱীৰ তৃতীয় নম্বৰ অনুসৰিত চেলিব্ৰেটি যাৰ অনুসৰণৰ সংখ্যা হ’ল ৬১০ হাজাৰ আৰু জনপ্ৰিয় ফুটবলাৰ ৰোনাল্ডোৰ সংখ্যা হ’ল ৬৫০ হাজাৰ । উল্লেখনীয় বিষয় হ’ল যে প্ৰিয়া প্ৰকাশৰ অনুসৰণৰ সংখ্যা মাথো এদিনতে ৬০০ হাজাৰ । বৰ্তমান চৰকাৰেও প্ৰিয়া প্ৰকাশ ভেৰিয়াক The National Crush Of India ৰূপে আখ্যা দিছে ।

মন্তব্য

পঢ়িব পাৰে

যোগীঘোপাত তীৰৰ ঘাটি উচ্ছেদ: আটক ৪ তীৰ এজেন্ট

অসম সংবাদ, যোগীঘোপা: যোগীঘোপাত অবৈধ তীৰৰ ঘাটি উচ্ছেদ । যোগীঘোপাৰ চলন্তাপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে …