বেবেজীয়াত এতিয়া চোৰৰ লক্ষ্য ধৰ্মীয় উপাসনা গৃহ: একে নিশাই ৮ টাকৈ নামঘৰ-বিষ্ণু মন্দিৰত চুৰি

অসম সংবাদ,বেবেজীয়া,নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বেবেজীয়া আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত এতিয়া চোৰৰ টাৰ্গেট হৈ পৰিছে নামঘৰ, মন্দিৰকে ধৰি ধৰ্মীয় উপাসনাগৃহসমূহ। যোৱা নিশা চোৰে বেবেজীয়া, জামুগুৰি আৰু টোকোলাই বেবেজীয়াৰ নামঘৰ আৰু মন্দিৰত তাণ্ডৱ চলাই বয়বস্তু লণ্ড ভণ্ড কৰাৰ লগতে টকা পইচা লুট কৰি নিয়ে।জানিব পৰামতে, যোৱানিশা চোৰে ঐতিহ্যমণ্ডিত বেবেজীয়া জুৰীয়া নামঘৰত প্ৰতিষ্ঠিত মণিকুটত থকা গুণমালা পুথি লণ্ড ভণ্ড কৰাৰ লগতে আপুৰুগীয়া সাঁচিপাতৰ পুথিসমূহ ট্ৰাঙ্কৰ সৈতে দাঙি নি মুকলি পথাৰত পেলাই থৈ যায়। একে নিশাই চোৰে বেবেজীয়া ১ নং নামঘৰ,২ নং নামঘৰ,৩ নং নামঘৰ,৪ নং নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি নামঘৰৰ বয়বস্তু লণ্ড ভণ্ড কৰাৰ লগতে থাপনাত থকা পইচা পাতি লৈ উধাও হয়। ইপিনে, বেবেজীয়া চাৰিআলিত থকা শ্ৰী শ্ৰী বিষ্ণুমন্দিৰতো চোৰে বয়বস্তু লণ্ড ভণ্ড কৰি ধন লুট কৰি নিয়ে। অন্যহাতে, বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ হৰগৌৰী মন্দিৰৰ দানপাত্ৰৰ তলা ভাঙি চোৰে টকা পইচা লুটি লৈ যায়। পূব জামুগুৰিৰ ট্ৰাইবেল নামঘৰতো চোৰে উপদ্ৰৱ চলাই বয়বস্তু লণ্ড ভণ্ড কৰাৰ লগতে থাপনাত থকাt পইচা পাতি চুৰি কৰি নিয়ে। ইপিনে, টোকোলাই বেবেজীয়াৰ বুদবৰ বণিয়াৰ ঘৰৰ চৌহদত চোৰ সোমাই এহাল বলধ গৰু লুটি কৰি নিয়া বুলিও জানিব পৰা গৈছে। একেনিশাই ৯ টাকৈ স্থানত চোৰে চলোৱা উপদ্ৰৱে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে এতিয়া আতংকিত কৰি তুলিছে বেবেজীয়াবাসীক।আনহাতে, সংশ্লিষ্ট বেবেজীয়া আৰক্ষীক ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে।

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …