আগিয়াত “ৰাম বিজয়”

অসম সংবাদ,আগিয়া: আগিয়া বাপুপাৰা মদন মোহন সত্ৰত ৩৯ সংখ্যক তিনিদিনীয়াকৈ পালন সাৰ্বজনীন পালনামৰ অন্তিমদিনা অৰ্থাৎ ১২ ফেব্ৰৱাৰীৰ বৰপেটা সত্ৰৰ পৰা অহা ভাওনা গোষ্ঠীয়ে পৰিৱেশন কৰে গুৰুজনাৰ বিৰচিত “ৰাম বিজয়” অংকীয়া নাটখনি । ভাওনাখনিৰ শুভ উদ্বোধন কৰে গোৱালপাৰা বিদ্যুৎ বিভাগৰ কনিষ্ঠ অভিযন্তা গপেশ ঠাকুৰীয়াই । নামনি অসমত বিশেষকৈ গোৱালপাৰা জিলাত গুৰুজনাৰ ভাওনা দেখিবলৈ পোৱা নাযায় বাবে বৃহত্তৰ আগিয়া অঞ্চলৰ হেজাৰোধিক দৰ্শকে হিয়া উবুৰি ভাওনা উপভোগ কৰে।

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …