দুলীয়াজানত চোৰৰ হাতত ৫ লাখ টকাৰ ম’বাইল

দুলীয়াজানৰ পৰা জয়ন্ত ভূঞা,অসম সংবাদ: দুলীয়াজানৰ অতিকে সুৰক্ষিত বজাৰ হিচাপে পৰিচিত অইল মাৰ্কেটৰ এখন মবাইলৰ দোকানত চোৰে চলালে অভিযান। দোকানৰ ভিতৰত চোৰৰ প্ৰবেশ বন্দী হ’ল চি,চি,কেমেৰাত । সোমবাৰৰ দিনা দুলীয়াজান বন্ধৰ সুবিধা গ্ৰহন কৰি সন্ধিয়াতে দোকানৰ টিং খুলি দোকানৰ ভিতৰত প্ৰবেশ কৰিলে দুধৰ্ষ চোৰটোৱে। ভিতৰত প্ৰবেশ কৰিয়ে প্ৰথমে গতি লগালে দুটাকৈ চিচি কেমেৰাৰ । তাৰপাছত প্ৰায় ৫ লাখ টকাৰ মবাইল লৈ অহা বাটে উভটি গ’ল চোৰ। যাওঁতে অৱশ্যে চোৰে নাপাহৰিলে এৰুৱাই লোৱা টিং খন আগৰদৰে লগাই থৈ যাবলৈ ।

মন্তব্য

পঢ়িব পাৰে

পুনৰ বাঢ়িল পেট্ৰ’ল, ডিজেলৰ দাম

নিউজ ডেস্ক, অসম সংবাদ: পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে …