বৰঝাৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

অসম সংবাদ,আজাৰা:ৰাজ্যত প্ৰায় বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা।বৰঝাৰ বিমানবন্দৰৰ সমীপৰ পলাশবাৰী আৰক্ষী চকীৰ অন্তগৰ্ত বঙৰাত পথৰ দাঁতিত বাগৰি পৰিল চুপাৰিভৰ্তি পাঞ্জাৱবডি ট্ৰাক।জানিব পৰা ম’তে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকখনৰ আগে আগে আহি থকা বাছ এখনে ব্ৰেক মৰাৰ ফলত ট্ৰাক খনে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে এডাল গছত ।ঘটনাত কোনো লোক হতাহত হে‍াৱা নাই যদিও চালকসহ হেণ্ডিমেন আঘাত প্ৰাপ্ত হয়।আনহাতে কথমপি প্ৰান ৰক্ষা পৰে ওচৰৰ দোকানৰ লগতে দুটা বাসগৃহ । দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS-18-C-6376। ট্ৰাকখনত প্ৰায় ৮০ লক্ষাধিক টকাৰ ২৬০ বস্তা চুপাৰি আছিল।এতিয়া প্ৰশ্ন উঠে আৰক্ষীৰ চকুত ধুলি দি কেনেদৰে অভাৰলোড কৰি আনে বস্তু।

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …