কলগাছিয়াত দেহ ব্যৱসায়ী চক্ৰ উৎখাত: ৰাইজে উত্তম মাধ্যম দি চমজাই দিলে আৰক্ষীক

কলগাছিয়াৰ পৰা স্বফিকুল হাছান,অসম সংবাদ: বৰপেটা জিলাৰ কলগাছিয়াৰ মাজমজিয়াত তথা কলেজিয়েট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমীপত চলাই থকা দেহ ব্যৱসায় চক্ৰ এটা আজি ৰাইজৰ তৎপৰতাত উৎখাত কৰা হয়। ইনছাফ আলী নামৰ ব্যক্তি গৰাকীয়ে দীৰ্ঘ দিনৰ পৰাই নিজ ঘৰত নাৰী ব্যৱসায়ী চক্ৰ চলাই আছিল। আজিও কলগাছিয়াৰ বলাইপথাৰ গাঁওৰ মিৰ ছবদুল নামৰ যুৱক এজনে দেলোৱাৰা খাতুন নামৰ এগৰাকী মহিলাক লৈ ইনছাফ আলী নামৰ ব্যক্তিৰ ঘৰত সোমোৱাৰ কিছু সময় পিছতেই ৰাইজে অভিযান চলাই আটক কৰি উত্তম-মাধ্যম দিয়ে। পিছত ইনছাফ আলী, মিৰ ছবদুল আৰু দেলোৱাৰা খাতুনক আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাইজে ইনছাফ আলীৰ ঘৰত কেবাবাৰো অভিযান চলাই হাতে লোটে ধৰি ৰাজহুৱা বিচাৰ কৰাৰ লগতে আৰক্ষীক গতাই দিয়াৰ পিছতো বন্ধ হোৱা নাছিল এই ব্যৱসায়। এই ব্যৱসায় বন্ধ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে।

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …