আমছু আৰু লুইত পৰীয়া মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদত মহাবিদ্যালয় চৌহদ কপাঁই তোলে

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান অসম সংবাদ:বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান আলোপতি-মাজৰচৰস্থ লুইত পৰীয়া মহাবিদ্যালয়ত সুদীৰ্ঘ দিন ধৰি চলি থকা বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে আজি মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে আমছুৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কলেজ খনৰ চৌপাশ কপাই তোলা পৰিলক্ষিত হয়। অভিযোগ মতে, সংশ্লিষ্ট মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ বহু বিতৰ্কিত সভাপতি নিৰোদ বৰণ দাসৰ লগতে মহাবিদ্যালয় খনৰ দুৰ্নীতিগ্ৰস্থ ডি ডি অ,আব্দুল ওৱাহাব চৌধুৰীৰ দীৰ্ঘদিনীয়া দুৰ্নীতি অনিয়মৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ঐতিহ্যমণ্ডিত উল্লেখিত মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ চূড়ান্ত ভাৱে বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ তুলি আমছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অভিযোগ মতে, সংশ্লিষ্ট মহাবিদ্যালয়ৰ নামত আৱন্টিত ধনেৰে যিকোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি বেংকৰ পৰা টকা উঠাবলৈ হলে চেকত চহী কৰাৰ নামত পৰিচালনা সমিতিৰ সভাপতি নিৰোদ বৰণ দাসক কমিছন দিব লাগে। কমিছন নাপালে সভাপতি গৰাকীয়ে কোনো পধ্যেই চেকত চহী নকৰে বুলিও অভিযোগ পোৱা গৈছে। ইয়াৰ উপৰিও চৰকাৰী নিয়ম মতে, মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু ডি ডি অৰ নামত যৌথ একাউন্ট থাকিব নোৱাৰে যদিও দুয়োজনে কলেজ খনৰ নামত আৱন্টিত ধন লুণ্ঠন কৰাৰ কাৰণেই চৰকাৰী নিয়মক জলাঞ্জলি দি যৌথ একাউন্ট খুলি ব্যাপক দুৰ্নীতি অনিয়ম আৰু সৈৰাচাৰীতাৰ মাজেৰে কলেজ খন পৰিচালনা কৰি অহাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংশ্লিষ্ট মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদক একাষৰীয়া কৰি পৰিচালনা সমিতিৰ সভাপতি আৰু ডি ডি অ আব্দুল ওৱাহাব চৌধুৰীয়ে ব্যাপক দুৰ্নীতি অনিয়মৰ মাজেৰে কলেজ খন পৰিচালনা কৰি কলেজ খনক লুণ্ঠনৰ স্থলীত পৰিণত কৰাত কলেজ খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত শিক্ষা সচেতন মহল ৰাইজে উদ্বিগ্ন হৈ পৰিছে।আন এক অভিযোগ মতে, সংশ্লিষ্ট মহাবিদ্যালয় খন কেনেদৰে কি পৰিস্থিতিৰ মাজেৰে চলে তাৰ কোনো ধৰণৰ নলয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ।মহাবিদ্যালয় খনৰ যিকোনো ধৰণৰ সভা সমিতিৰ লগতে হিচাপ নিকাচ আদি মহাবিদ্যালয় খনত সুস্থ পৰিবেশৰ মাজত বহি কৰিব লাগে যদিও এই গৰাকী সভাপতি এইবোৰ সভা কলেজত অনুষ্ঠিত নকৰি তেওঁৰ দুই চাৰিজন অনুগত লগত লৈ নগৰবেৰাৰ বিভিন্ন ঠাইত গোপনে মিটিং কৰি নিজৰ সৈৰাচাৰীতা অব্যাহত ৰাখি কমিছনৰ অংকত ব্যস্ত হৈ থকাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰিও এফি আৰৰ ফাইলত চহী কৰাৰ নামতো এই গৰাকী সভাপতিয়ে এচাম কৰ্মচাৰীৰ ওচৰত দুই হাজাৰকৈ উৎকোচ বিচাৰে। এই ধন নিদিয়াৰ ফলত আজিকোপতি সভাপতি নিৰোদ বৰণ দাসে ফাইলত চহী নকৰাৰ অভিযোগ উত্থাপন হৈছে ।যাৰ ফলত মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে ফাইল আজি পৰ্যন্ত ডি পি আইত পৰা নাই। সেই গূৰুত্ব পূৰ্ণ ফাইল সভাপতি গৰাকীৰ ঘৰতে পৰিত্যক্ত অৱস্থাত পৰি থকা বুলি জানিব পৰা গৈছে। ইপিনে কলেজ খনত আজিও কলেজ সপ্তাহৰ আয়োজন নকৰাত ছাত্ৰ-ছাত্ৰী সকল ক্ষুন্ন হৈ পৰিছে ।এচাম শিক্ষকে নিয়মিত ভাবে কলেজত উপস্থিত থাকি পাঠদান নকৰাত শিক্ষাৰ পৰিৱেশ বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্বয়ং ছাত্ৰ-ছাত্ৰী সকলে ।এনে একাধিক দুৰ্নীতি অনিয়ম আৰু বিত্তীয় কেলেংকাৰীত সাঙুৰ খাই পৰা মহাবিদ্যালয় খনৰ অস্তিত্ব দিনক দিনে বেয়াৰ পালে গতি কৰাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।এনে দুৰ্নীতি অনিয়ম ৰোধ কৰাৰ দাবীত দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত সংশ্লিষ্ট মহাবিদ্যালয়ৰ কেবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আজি একত্ৰিত হৈ দুৰ্নীতি অনিয়ম বন্ধ কৰক, কলেজত দুৰ্নীতি নচলিব, পৰিচালনা সমিতিৰ সভাপতি গো বেক, ডি ডি অ আব্দুল ওৱাহাব চৌধুৰী গো বেক আমছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে কলেজ চৌহদ কঁপাই তোলে। কলেজ খনত সুদীৰ্ঘ দিন ধৰি চলি থকা এনে দুৰ্নীতি অনিয়ম বন্ধ কৰি দুৰ্নীতিগ্ৰস্ত সভাপতি আৰু ডি ডি অৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আজিজুল হকৰ লগতে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে।

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …