টিহু নগৰ সমিতিৰ কৰ্মচাৰীৰ “সৰ্বাত্মক ধৰ্মঘট”

টিহুৰ পৰা পংকজ বেজবৰুৱা,অসম সংবাদ: সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান মৰ্মে পৌৰ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ,বকেয়া দৰমহা আদায়কে ধৰি দহ দফীয়া দাবীৰ ভিত্তিত তৃতীয় পৰ্যায়ৰ “সৰ্বাত্মক ধৰ্মঘট” কাৰ্যসূচী টিহু নগৰ সমিতিৰ কৰ্মচাৰী সকলেও পালন কৰে। ফলস্বৰূপে টিহু নগৰ সমিতিৰ সকলো ধৰনৰ কামকাজ স্তব্ধ হৈছে । কালিৰে পৰা হোৱা উক্ত ধৰ্মঘটৰ কাৰ্যসূচী অহা ২১ ফেব্ৰুৱাৰীত সামৰণি পৰিব। পৌৰ কৰ্মী সকলৰ এনে কঠোৰ স্হিতিত আগন্তুক দিনত নগৰবাসীয়ে সৰ্বদিশতে চৰম যন্ত্ৰণা ভোগ কৰাটো নিশ্চিত হৈছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …