সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে কামপুৰত তীব্ৰ প্ৰতিবাদ

অসম সংবাদ,কামপুৰ:সাংবাদিক সকলৰ কোনো ধৰনৰ সুৰক্ষা নোহোৱা হৈ পৰিছে।ইজনৰ পাছত সিজন সাংবাদিক নিৰ্যাতিত হৈ আহিছে ।এইবাৰ ঘটনাস্থান পশ্চিম কাৰ্বি আংলং জিলাৰ নামতৰাভুবি।সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে নগাঁও জিলাৰ কামপুৰত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে ।মংগলবাৰে কামপুৰত বিভিন্ন দল সংগঠণে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰি দোষিক উপযুক্ত শাস্তি দাবী কৰে ।এইবাৰ ঘটনাস্থান পশ্চিম কাৰ্বি আংলং জিলাৰ নামতৰাভুবি।উল্লেখযোগ্য যে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য বাহী তুলিৰাম ৰাংহাংৰ গৃহ সমষ্টি বিথুং সমষ্টিত এটা নিৰ্মিয়মাণ এটা পথৰ বাতৰি সংগ্ৰহ কৰিব যোৱা কামপুৰৰ তিনি সাংবাদিক ক্ৰমে পুস্পেন্দ্ৰ বৰা ,পুস্প চৌধুৰী আৰু মাধৱ ভূঞাক প্ৰহাৰ কৰিছিল একাংশ ঠিকাদাৰৰ গুণ্ডাবাহিনীয়ে ।ঘটনাৰ পিছতে আৰক্ষীয়ে অজিত বৰদলৈ আৰু মনোজ কুমাৰ ডেকা নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে ।এই ঘটণাৰ পিছত সাংবাদিক নিৰ্যাতনৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে কামপুৰতো প্ৰতিবাদ কৰে সাংবাদিক সকলৰ লগতে বিভিন্ন দল সংগঠনে । বৃহত্তৰ কামপুৰ অঞ্চলৰ সাংবাদিক সকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি ,কামপুৰ আঞ্চলিক যুৱক সংঘ ,এন এচ ইউ আই ,আদি সংগঠনে এই প্ৰতিবাদত অংশ লয় ।প্ৰতিবাদী সকলে কলা বেজ পৰিধান কৰাৰ লগতে এখন প্ৰতিবাদী সভা অনুস্থিত কৰি এই নাৰকীয় ঘটনাৰ ধিক্কাৰ দিয়াৰ লগতে দোষিক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাই।আজুৰ নগাঁও জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰা,সম্পাদক নিলোৎপল বৰা,নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা,সম্পাদক চন্দনজ্যোতি বৰা আৰু ভাস্কৰ মেধিয়ে সাংবাদিকক ঠিকাদাৰ ৰূপী গুণ্ডাই কৰা আক্ৰমনৰ তীব্ৰ ভাষাৰে গৰিহনা দিছে ।
লগতে তীব্ৰ ভাষাৰে গৰিহনা দিছে কাকী প্ৰেছ ক্লাৱ,লংকা প্ৰেছ ক্লাৱ আৰু হোজাই জিলা জুৱাৰ জিলা সমিতিয়ে ।এই ঘটনসক লৈ ক্ষোভ প্ৰকাশ কৰিছে খেৰণি সাংবাদিক সন্থা, খেৰণি প্ৰেছ ক্লাৱ, হামৰেণ চাব ডিভিজনেল প্ৰেছ গিল্ড আৰু সৌদ অসম সাংবাদিক সন্থা পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে ।অতি শিঘ্ৰেই দোষীক উচিত শাস্তিৰ দাৱী জনাই সমিতি কেইখনে।

 

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …