দৌলাশালত আৰক্ষীৰ অভিযান: বৃহৎ পৰিমাণৰ সুৰা জব্দ

অসম সংবাদ, চেঙা: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত আজি সন্ধিয়া দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগানন্দ বড়োৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে দৌলাশাল চক বজাৰত  মদৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।দৌলাশাল চক বজাৰত থকা ইব্ৰাহিম আলীৰ চবজিৰ দোকানৰ পৰা এই বৃহৎ  সংখ্যক বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।অৱশ্যে  আৰক্ষীৰ আগমণৰ খবৰ পাই ইব্ৰাহিম আলী পলায়ণ কৰে। আনহাতে দৌলাশাল চক বজাৰত মুকলি ভাৱে নিতৌ চলি থকা চুলাই মদৰ বিৰুদ্ধেও একে সময়তে দৌলাশাল আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰে । জব্দ কৰা চুলাই মদ আৰু বিলাতী সুৰাখিনি আৰক্ষীয়ে  নষ্ট কৰি পেলায়। দীৰ্ঘ দিন ধৰি দৌলাশাল অঞ্চলত চলি থকা মদ আৰু জুৱাই সামাজিক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।আৰক্ষীৰ মদ  বিৰোধী এনে অভিযানৰ বাবে সচেতন মহলে আৰক্ষীক প্ৰশংসা কৰে।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …