মাজুলীত আছুৰ উদ্যোগত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

অসম সংবাদ, মাজুলী: মাজুলীৰ প্ৰতিটো আঞ্চলিকতে আজি সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাবস্ত কৰে ৷ ভকতি দুৱাৰ তিনিআলিত অনুস্থিত প্ৰতিবাদী কাৰ্যসূচি়ত অনুসুচিত জা়তি ছাত্ৰ সন্থাই সহযোগিতা প্ৰদান কৰি জিলা সম্পাদক বিকাশ দাস উপস্থিত থকাৰ লগতে আছুৰ ভকতি দুৱাৰ আঞ্চলিক সভাপতি দীপক টায়ে, প্ৰাঞ্জল দত্তকে ধৰি আছুৰ সদস্য সকল উপস্থিত থাকে ৷ আনহাতে পূব মাজুলীৰ প্ৰধান ব্যৱসায়িক স্থান বনগাঁও চাৰিআলিতো পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, পূব মাজুলী আঞ্চলিকৰ সভাপতি অনন্ত দাস, সম্পাদক কাকুমনি কলিতাকে ধৰি সন্থাৰ সদস্য সকল উপস্থিত থাকে। মাজুলীত অনুস্থিত এই প্ৰতিবাদী কার্যসূচীত সন্ধিয়া সময়ত জনজীৱন ব্যাহত কৰা পৰিলক্ষিত হয়৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …