নগৰবেৰাত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ সমদল যুটীয়া সংসদীয় সমিতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান,অসম সংবাদ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আজি ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে গণ প্ৰতিবাদ কৰাৰ লগতে নগৰবেৰা ইন্দিৰা ভৱনৰ পৰা এক বিশাল সমদল উলিয়াই নগৰবেৰা বজাৰ হৈ সমদল যোগে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমূখত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনীৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপিত কৰাৰ যি গভীৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাবলৈ ছমৰীয়া ব্লক কংগ্ৰেছৰ কেবা শতাধিক নেতা কৰ্মীয়ে একত্ৰিত হৈ এক বিশাল সমদল উলিয়াই হাতে হাতে প্লে কাৰ্ড, ফেষ্টুন, বেনাৰ আদি লৈ কংগ্ৰেছ আই জিন্দাবাদ, অসম চৰকাৰ হায় হায়, আহ হৈ আহ ওলাই আহ, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ নিপাত যাওঁক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদকাৰী সকলে চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ কপাই তোলাৰ লগতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …