ওদালগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ পত্ৰিকা বিতৰণ

ৰৌতাৰ পৰা আব্দুল আৱাল, অসম সংবাদ: ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে তাৰে অংশ হিচাপে আজি ওদালগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। উল্লেখ্য যে, আজি ওদালগুৰি সাপ্তাহিক বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা ও আঞ্চলিক সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে ৰাজপথলে ওলাই আহি অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সমূহ ৰাইজক মাৰ বান্ধি থিয় হবলৈ অনুৰোধ জনায় । ইয়াৰ উপৰিও উক্ত বিধেয়কখনক বিৰোধ কৰিবলৈ ৰাইজৰ মাজত আৰু অধিক সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী সকলে বজাৰখনত বজাৰ কৰিবলৈ অহা সাধাৰণ ৰাইজ, চবজী দোকানী , গেলামাল দোকানী , ঠেলাৱালা , ৰিক্সাৱালা, অফিচ-কাছাৰীৰ কৰ্মচাৰী আদি সকলোৰে হাতে-হাতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …