মধ্যাহ্ন ভোজনৰ সময়তে মংগলদৈত অঘটন: গৰম দাইল পৰি আহত ছাত্ৰী

অসম সংবাদ,মংগলদৈ /দেওমৰনৈ: দৰঙত মধ্যাহ্ন ভোজনৰ সময়ত ২১মে’ তাৰিখে মঙলদৈ নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ নৱনীতা দাস (পিতা প্ৰণৱ জ্যোতি দাস – ৭ নং ৱাৰ্ড ) নামৰ ৩য় মান শ্ৰেণীৰ(গ শাখা -৬ নং ৰোল নম্বৰ ) এগৰাকী ছাত্ৰী গৰম ডাইল পৰি বুকুৰ মাংস পুৰি যায় ৷ঘটনাটো ঘটাৰ পিছতো বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে বিশেষ গুৰুত্ব নিদিয়াত প্ৰায় ডেৰঘন্টা মান পিছত অভিভাৱক গৈ ছাত্ৰী জনীক চিকিৎসালয়লৈ নি চিকিৎসা কৰিব লগা হয়। মাত্ৰ ২০০ মিটাৰ দুৰৰ চিকিৎসালয়লৈ নিয়াৰ বাবেও কোনে খৰছ কৰিব তাকে চিন্তা কৰিয়ে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ নি চিকিৎসা নকৰাৰ অভিযোগ উঠিছে।জানিব পৰামতে বিদ্যালয় খনত কৰ্মৰত ৰান্ধনী আৰু বিলনীয়াৰ বেয়া ব্যৱহাৰ সন্মূখীন হৈ আহিছে ছাত্ৰ ছাত্ৰী সকল। এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষ বা জিলা প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান জনাই সদৌ দৰং জিলা ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মঙলদৈ নগৰ সমিতিয়ে।জানিব পৰামতে ছাত্ৰী গৰাকীৰ আইতাক স্বৰ্গীয় সাবিত্ৰী দাস বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ লগতে প্ৰতিষ্ঠা কালৰো ব্যক্তি আছিল।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …