NRC ৰ নামত ভুৱা নথি-পত্ৰ যোগান: মৰিগাঁৱৰ দলংঘাটত গ্ৰেপ্তাৰ দালালসহ NRC কৰ্মচাৰী

অসম সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দলংঘাট পাঘালী NRC কেন্দ্ৰত চলি থকা বংশবৃক্ষ পুনৰীক্ষণ প্ৰক্ৰিয়াত আবেদনকাৰীক ধনৰ বিনিময়ত জালিয়তিৰে বিভিন্ন তথ্য-পাতি যোগান ধৰি গ্ৰেপ্তাৰ হব লগা হ’ল এটা দালাল। ধৃত দালালটোৰ নাম তাজনুৰ আলি ওৰফে চি আৰ পি। ঘৰ নগাঁৱৰ জাজৰিৰ বাছ আস্থানৰ সমীপত। লগতে দালালটোৰ পৰা বুজন পৰিমাণৰ গাঁও পঞ্চায়তৰ প্ৰমাণ পত্ৰ, গাঁওবুঢ়া প্ৰমাণ পত্ৰ, স্কুল চাৰ্টিফিকেটৰ প্ৰতিলিপিও জব্দ কৰিছে আৰক্ষীয়ে। আনহাতে, তথ্য জালিয়তিৰ ঘটনাত জড়িত থকাৰ সন্দেহত বৰিবজাৰ আৰক্ষীয়ে আটক কৰিছে এজন NRC কৰ্মচাৰীকো। ধৃত NRC কৰ্মীজন মিকিৰ ভেটা তুমুকাবড়িৰ আমিনুল ইছলাম। দলংঘাট পাঘালী NRC কেন্দ্ৰত ডাটা এন্ট্ৰি অপাৰেটৰ ৰূপে নিয়োজিত হৈ আছে আমিনুল ইছলাম। উল্লেখ্য যে, পাঘালি NRC সেৱা কেন্দ্ৰত বংশবৃক্ষ পুনৰীক্ষণৰ বাবে অহা লোকক ধনৰ বিনিময়ত বিভিন্ন নথি-পত্ৰ জালিয়তি কৰি যোগান ধৰি আহিছিল দুয়োজনে। বৰিবজাৰ আৰক্ষীয়ে সম্প্ৰতি দুয়োকে মাৰথান জেৰা অব্যাহত ৰাখিছে ।

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …